জধে-মধে ফ্লাইঅ’ভাৰ নিৰ্মাণেই যে উন্নয়ন নহয়, সেই কথা কেতিয়া বুজিব মুখ্যমন্ত্ৰীয়ে?
ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীত্বৰ দায়িত্বত থকা দিনৰেপৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতো সদায়েই অসমবাসীক সপোন দেখুবাইছিল আৰু উদাত্ত কন্ঠেৰে প্ৰতিশ্ৰুতি দিছিল যে- অসমক তেওঁ সৰ্বদিশতে দেশৰ সৰ্বশ্ৰেষ্ঠ ৫ ৰাজ্যৰ ভিতৰত এখন কৰি তুলিব। কিন্তু সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ এক প্ৰতিবেদন অনুসৰি অসম দেশৰ প্ৰথম শীৰ্ষ ৫ ৰাজ্য হোৱাৰ বিপৰীতে অন্তৰ্ভুক্ত হ’লগৈ শেষৰ ৫খন ৰাজ্যত। ক্ষীণ পোহৰো দেখুৱাব নোৱাৰিলে হিতাধিকাৰীৰে চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰীয়ে। নীতি আয়োগৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ শিক্ষা, স্বাস্থ্যখণ্ডত দেশৰ ভিতৰতে অন্তিম স্থানৰ তালিকাত অসম সোমাই পৰিছে। দেশৰ ২৮ খন ৰাজ্যৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত ২৫ নম্বৰ স্থানত অসম, স্বাস্থ্যৰ ক্ষেত্ৰত ২৮ ৰাজ্যৰ ভিতৰত ২৬ নম্বৰ স্থানত অসম।
জধে-মধে ফ্লাইঅ’ভাৰ নিৰ্মাণেই যে উন্নয়ন নহয়, সেই কথা কেতিয়া বুজিব মুখ্যমন্ত্ৰীয়ে?
ফ্লাইঅভাৰ নিৰ্মাণ কৰি, লাখে লাখে হিতাধিকাৰী আঁচনি দিলেই যে ৰাজ্যৰ প্ৰকৃত উন্নয়ন নহয়, সেই কথা বুজিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰণ মুখ্যমনত্ৰীৰ বিভিন্ন আভুৱা ভৰা কথাৰ মাজতেই প্ৰকাশ হোৱা নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি- দেশৰ ২৮ খন ৰাজ্যৰ মাজত সু-স্বাস্থ্য, সু-জীবন নির্বাহৰ ক্ষেত্ৰত ২৬ নম্বৰ, সু-শিক্ষাৰ ক্ষেত্ৰত ২৫ নম্বৰ, শূন্য ক্ষুধাৰ ক্ষেত্ৰত ২২ নম্বৰ, লিংগ সমতাৰ ক্ষেত্ৰত ২৫ নম্বৰ, আৰু অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ২৩ নম্বৰত অসম।
অৰ্থাত্ তাত্পৰ্যপূৰ্ণভাৱে অসম চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্য বিভাগত সৰ্বাধিক কাল মন্ত্ৰীত্বৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ আনকি মুখ্যমন্ত্ৰিত্বৰ কালতো অসমত শিক্ষা আৰু স্বাস্থ্যখণ্ড- দুয়োটা গুৰুত্বপূৰ্ণ বিভাগত চুড়ান্ত অৱনমন ঘটিছে। উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত সকলো ৰাষ্ট্ৰই তেওঁলোকৰ প্রত্যেকখন ৰাজ্যৰ উন্নয়ন, অৱনমনৰ স্থিতি বিশদভাবে উল্লেখ কৰি নিজস্ব স্থিতি প্রকাশ কৰিব লাগে। ভাৰতৰ সেই প্রতিবেদন প্রস্তুত আৰু প্রকাশ কৰে নিটি আয়োগে। নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদনতেই এতিয়া অসমৰ এক দুখলগা ছবি পোহৰলৈ আহিছে। সেই প্ৰতিবেদন অনুসৰিয়েই ৰাজ্য এখনৰ মূল বিষয় শিক্ষা আৰু স্বাস্থ্যখণ্ডতেই দেশৰ ভিতৰত অন্তিম অৰ্থাৎ শেষৰফালৰ পৰা ৫ নম্বৰত আছে শ্ৰেষ্ঠ ৰাজ্যৰ সপোন দেখুওৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ অসম। উল্লেখনীয় যে বিগত দুটা দশক ধৰি হিমন্ত বিশ্ব শৰ্মায়েই শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ সৰ্বকালৰ মন্ত্ৰী আছিল। কিন্তু দুটা দশকতো এই দুয়োটা খণ্ডত কোনো উন্নতি সাধন নহলেই। শেহতীয়া প্ৰায় ৫ বছৰ মুখ্যমন্ত্ৰীৰ আসনত বহিও বিশেষ সফলতা দেখুৱাব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই।
অৰ্থাৎ গিনীজ বুক ৰেকৰ্ড, ১২৫০ টকাৰ অৰুণোদয়, গছ পুলি ৰোৱাৰ নামত ১০ হাজাৰ টকা, ইত্যাদি হিতাধিকাৰী আঁচনিৰে বাহ বাহ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনি, চাইকেল, চেক বিতৰণৰ নামত কোটিটকীয়া পেণ্ডেল সাজি চমক ঠিকেই দেখুৱাই আহিছে অসমবাসীক। কিন্তু যিসমূহ খণ্ডৰ উন্নয়ন হলে প্ৰকৃততে ৰাজ্যখনৰ উন্নয়ন ঘটে, সেই ক্ষেত্ৰত চমকটো বাদেই, ক্ষীণ পোহৰো দেখুৱাব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিপৰীতে স্বাস্থ্যখণ্ডৰ সূচাংকত উত্তৰ পূৱৰ নাগালেণ্ড, ছিকিম, মিজোৰাম, অৰুণাচল প্রদেশ, মেঘালয়ো অসমতকৈ ওপৰত আছে। এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্য গুজৰাট। এইদৰেই বাৰে বাৰে অসমৰ শোচনীয় অৱস্থা পোহৰলৈ আহিছে যদিও শাসনত বৰ্তী থকাৰ বাবে ভোটবেংকৰ স্বাৰ্থত বিভিন্ন আঁচনিৰ সফলতাৰ কথা কৈ ঢাক ঢোল বজাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
(আমাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত ৱেবছাইটত পলমকৈ সংযোজন কৰা হৈছে।)
